মাজুলীত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ৰাজ্যৰ বিশিষ্ট চিনে-সাংবাদিক, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু। দেওবাৰে পুৱতি নিশা ভকত চাপৰিৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৫৫ বছৰীয়া দাসে।
জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ২ বজাত দাসে নিজে বাহনখন চলাই মাজুলীৰ পদুমনি গাঁৱৰ শিবিৰলৈ উভতি আহি আছিল। সেই সময়তে কোনো কাৰণত বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা দ খাৱৈত পৰে।
দুৰ্ঘটনাৰ সময়ত তেওঁ বাহনখনত অকলে আছিল।
‘ৰুমিয়াং’ৰ শ্বুটিঙৰ বাবে মাজুলীত আছিল দাস
নিমানন্দ দাস মাজুলীলৈ আহিছিল যাদৱ পায়েঙৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰি থকা জীৱনীমূলক ছবি **‘ৰুমিয়াং’**ৰ দৃশ্যগ্ৰহণৰ বাবে।
এই ছবিখনৰ জৰিয়তে দাসে পৰিচালক হিচাপে নতুন অধ্যায় আৰম্ভ কৰিছিল। ছবিখন ‘ফৰেষ্ট মেন অৱ ইণ্ডিয়া’ হিচাপে পৰিচিত যাদৱ পায়েঙৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে।
জানিব পৰা মতে, গোগামুখ ৰে’লৱে ষ্টেচনত ইউনিটৰ সদস্য আৰু জৰুৰী কেমেৰাৰ সা-সৰঞ্জাম নমাই থৈ তেওঁ মাজুলীৰ পদুমনি গাঁৱত থকা শিবিৰলৈ উভতি আহিছিল।
আন্ধাৰত পথ হেৰুৱাইছিল নেকি?
প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে যে আন্ধাৰত বাট হেৰুৱাই পেলোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে।
অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
সোমবাৰে গুৱাহাটীলৈ উভতাৰ কথা আছিল ইউনিটটোৰ
অভিনেতা ৰাজীৱ ক্ৰ’ৱে জানিবলৈ দিয়া মতে, আগদিনাই ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছিল।
সোমবাৰে পুৱা সমগ্ৰ ইউনিটটোৱে গুৱাহাটীলৈ উভতি অহাৰ পৰিকল্পনা কৰিছিল। কিন্তু কিছুমান জৰুৰী সা-সৰঞ্জাম গুৱাহাটীলৈ পঠোৱাৰ প্ৰয়োজন হোৱাত নিমানন্দ দাসে ইউনিটৰ সদস্য আৰু সা-সৰঞ্জাম গোগামুখ ৰে’লৱে ষ্টেচনত থৈ মাজুলীলৈ উভতি আহিছিল।
এই উভতি অহাৰ পথতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।
চলচ্চিত্ৰ জগতত শোকৰ ছাঁ
নিমানন্দ দাস কেৱল চলচ্চিত্ৰ নিৰ্মাতা হিচাপেই নহয়, এগৰাকী সন্মানীয় চিনে-সাংবাদিক, সাংস্কৃতিক কৰ্মী আৰু তথ্যচিত্ৰৰ চিত্ৰনাট্যকাৰ হিচাপেও পৰিচিত আছিল।
শেহতীয়াকৈ চলচ্চিত্ৰ পৰিচালনাৰ ক্ষেত্ৰত সক্ৰিয় হোৱা দাসে ‘ৰুমিয়াং’ৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ বিষয়ক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ কামত জড়িত আছিল।
তেওঁৰ আকস্মিক মৃত্যুৰ খবৰে ৰাজ্যৰ সাংস্কৃতিক আৰু চলচ্চিত্ৰ মহলত গভীৰ শোকৰ সৃষ্টি কৰিছে।
বৰ্তমান নিমানন্দ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মাজুলীৰ এখন স্থানীয় চিকিৎসালয়ত ৰখা হৈছে।
বিশিষ্ট চিনে-সাংবাদিক তথা চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ অকাল বিয়োগে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।
